সাৰথী(চুটি গল্প)

প্ৰথম:
পুৱা চোতাল বাট সাৰি সেউতীবায়ে ছাগলীটো ৰাস্তাটোতে ডৰহখ দি আহিল। বাৰিষাৰ দিন। পথাৰখন পানীৰে উপচি আছে। যিকন বৰি মাটি পথাৰত আছিল তাতো সকলোয়েই কঠীয়া পাৰিছে। গৰু ছাগলীৰ বৰ অসুবিধা হৈছে। লগতে ৰখীয়াৰো হাৰাশাস্তি। ডৰহখ দিবলে পথাৰত চুক এটাও নাই। ৰাস্তাতো ঘাঁহ বুলিবলে একো এডাল নাই। চৰকাৰে সকলোবোৰ ৰাস্তাই পকী কৰিছে। গাড়ী মটৰৰহে সুবিধা হইছে। ৰাস্তাটোৰে ভউছ ভউছ কৈ গাড়ীবোৰ সঘনাই অহা যোৱা কৰে। কোন কত যায় তাৰ ঠিকণা নাই। পিছে সময়ত হলে কৰবাত যাব লগা থাকিলে অ’টো এখন বিচাৰি মৰিলেও নোপোৱা।। সেউতীবায়ে ছাগলীটো ডৰহখ দিয়ে কাঁচি আৰু চহৰী(বাঁহ) এডাল লৈ চাগলীটোৰ বাবে গছৰ পাত কাটিব ওলাল। নহ’লে মে’ মে’ কৈ বেবাই বেবাই কানৰ পোক উলিয়াব। ঘৰত কান্দি থকা বাবেই এইখিনি সময় ৰাস্তাত বান্ধি দিছে। অন্তত ৰাস্তাৰ কাষৰ দুই এডাল ঘাঁহ চোবালে মনে মনে থাকিব।
সেউতীবাই এজনী গাভৰুতে বিধৱা হোৱা দুখুনী তিৰোতা। জীয়াই থকাৰ একমাত্র কাৰন জিলমিল। ডেৰ বছৰীয়া এজনী সৰু মৰমলগা ছোৱালী তাই। হৰেন আৰু তাইৰ মৰমৰ একমাত্র চিন। এতিয়া টোপনীত লালকাল। ৰাতি দুপৰলৈকে যে মাকৰ লগত হাঁহি হাঁহি খেলি থাকে। ষোল বছৰত বয়সতে একেখন গাঁওৰে হৰেনৰ লগত পলাই গৈ বিয়াত বহিছিল তাই। প্রথমতে তাইৰ ঘৰখনে সিহঁতৰ সেই বিয়া মানি লব নুখুজিল। নানান চেষ্টা কৰি তাইক ঘুৰাই আনিব খুজিছিল। পিচে সেইবোৰ অথলে গল। বহুদিনলে সিহঁতৰ আহ যাহ নাছিল, জিলমিল নহালৈ। জিলমিলৰ মৰমে আইতাক ককাকক টানি নিছিল। সেউতীবায়ে বৰ সুখ পাইছিল এইবোৰ দেখি। কিন্তু দুখীয়াৰ জানো কেতিয়াবা সুখ হব পাৰে। জিলমিল তেতিয়া কোলাৰ নামিব পৰাই হোৱা নাছিল। এদিন
বজাৰলৈ খোজ কাঢ়ি যাওতে কোনোবা উৎপতীয়া ল’ৰাই প্রচন্দ বেগেৰে আহি হৰেনক খুন্দিয়াই থৈ যায় ৰামপুৰৰ সেই কেকুৰীটোটে। বহুসময়লৈ পৰি আছিল কাষৰ গাতটোত। আবেলি পৰত ল’ৰাবোৰ ফুৰিবলৈ বুলি ওলাওতে দেখি ১০৮  মাতি পঠালে যদিও হস্পিতাল গৈ পায় মানে গাটো শিঠিল হই আহিছিল। এমাহ পিছত হৰেনৰ বছৰেকীয়া শ্রাদ্ধ।

যোৱামাহত ঠাকুৰানী পূজাৰ সময়ত ছাগলীটোৰে দুটা পোৱালী বেচি ওলপ সৰহকে টকা কেইটামান পালে। পূজাত দিব বুলিয়ে দুইপইচা বেচিকৈ দি গৈছে মানুজনে। ছাগলীটো থকাই তাইৰ বহুত সুবিধা হৈছে। ভাল জাতৰ ছাগলী। প্রত্যেকবাৰে দুটা দুটা কৈ পোৱালী দিয়ে। দুইপইচা ওলায় সেইফালেদিও। এইবাৰ ছাগলী বেচি পোৱা টকাকেইটা তাই সজতনে থৈছে। বছৰেকীয়াৰ দিনা বেচি একো নহলেও পুথি এক আধ্যা পঢ়িব লাগিব। গছৰ পাত আনি চোতাল পাইছেহে মাত্র, জিলমিলৰ কান্দোন শুনি সেউতীবাই পাতবোৰ চোতালতে পেলাই থৈ দৌৰি গল তাইক লবলে। জিলমিলচ পিয়াহ অকন খুৱাই বাপেক থাকোতেই আনি দিয়া জুনজুনিটোৰ লগত খেলিব দি সেউতীবায়ে ভাত কেইটা চৰুত তুলি দিলে। ভাত তুলি দি তাই এবাৰ ছাগলীটো চাই আহো বুলি অলপ গছৰ পাত লৈ গল। ৰাস্তাত ওলায়েই তাই দেখিলে ছাগলীটো ডৰহখ দিয়া ঠাইডোখৰত মানুহৰ জুম বান্ধিছে। ওলপ দুৰত এখন বাইক পৰি আছে। লৰা দুটামানে পাৰেমানে লাঠিয়াইছে। আৰু মানুহবোৰে ল’ৰা এটাক ঘেৰি ধৰি গালি পাৰি আছে। সেউতীবাইৰ খোজৰ গতি বাঢ়ি গল………..

দ্বিতীয়:

চৰুত তুলি দিয়া ভাতকেইটাও জ্বলি গল। ইফালে জিলমিল ও কান্দি আছে। ভাবি পোৱা নাই কি কৰিব সেউতীবায়ে। ছাগলীটোৰ তেজেৰে লুটুৰী পুতুৰী গাটো দেখি মূৰ ঘুৰাই গৈছিল তাইৰ। ভতিজা এজনে ধৰি আনি থৈ গৈছিলহি। গছৰ পাতবোৰ পৰি আছে চোতালতে। সন্ধিয়ালে শুকাই যাব। তাই যি বহিছে জিলমিলৰ কান্দোনলৈও তাইৰ কেৰেপ নাই আজি। চকুহাল ৰঙা পৰি আহিছে।

দিনটো মনৰ দুখতে লঘোনে গল।সন্ধিয়া পৰত কেইজনমান মানুহ আহিল তাইৰ ঘৰলে। গমেই পোৱা নাছিল তাই। একেথৰে ৰ লাগি কিবা চাই আছিল। ওচৰতে জিলমিল খেলি আছিল। খগেন দায়ে অ’ বৌ বুলি মাতাত চক খাই উঠিল তাই। অ “তুহুন আইছা” বুলি বহিব দিব পিৰা কেইখনমান আৰু দুখন কাঠৰ চিয়াৰ উলিয়াই দিলে। পিছে পিছে আমাৰ জিলমিল মাইনাও এখন পিৰা আনি পাৰি দি “বহ” বুলি কলে। তাইৰ ব্যৱহাৰ দেখি সবৰে হাঁহি উঠি গল। খগেন দায়ে তাইক ধৰি লৈ “চাও আমাৰ মুনুটোক এটা চুম দিও, পিৰা আনি আমাক বইহবা দিবা পাৰায়ে হৈছে দেখোন এ” বুলি দুইগালে দুটা চুমা দিলে। তাৰ কোলাৰ পৰা নামিয়ে পোনে মাকৰ কোলা উঠিল। মানুহকেইজন বেছিপৰ নবহিল। ছাগলীটো খুন্দাই মাৰা ল’ৰাটোৰ পৰা বোলে সিহঁতে দাবি ডুবা দি টকা কেইটামান ৰাখিছিল। সিহঁতে খানা খাবৰ বাবে টকা দুশ ৰাখি বাকীখিনি সেউতীবাইক দি গল। মৰমৰ ছাগলীটো মৰাই দুখ লাগিছিল যদিও টকাকেইটা পাই মনটো অলপ ভাল লাগিল। বেচাহ’লে ইমান নাপালেহেঁতেন।

হৰেনৰ বছৰেকীয়াৰ দিনটো কাষ চাপি আহিল। ঘৰৰে জকাত লগা পটলকেইটাকে প্রতি বজাৰে এক কেজি দুইকেজি কৈ বেচিব দি এপদ দুপদ কৈ দৰকাৰী বস্তুবোৰ যোগাৰ কৰি আছে তাই। যথেষ্ঠ খিনি যোগাৰ হৈছে। বাকীখিনি দুই এদিন আগতে আনিব ছাগলী বেচি পোৱা টকা কেইটাৰে। জেঠৰ মাহ। বতৰৰ একো ভৰষা নাই। এই বৰষুন দিয়ে এই ৰ’দ দিয়ে। ৰ’দো একেবাৰে মানুহ মৰা ধৰনৰ।তম্বু এখন আনিব লাগিব। গাওঁত বহুত টেন্ট হাউজ আছে যদিও বিমল খুৰাৰ পৰাই আনিব। মানুজন বৰ ভাল। কেতিয়াবা অলপ ৰেহাই খুজিলেও দিয়ে। সেউতীবায়ে খুৰাৰ ঘৰত বন্দবস্ত কৰিব গল। কৰবাত ভাৰা থাকিলে নহলে নাপাব। খুৰা নাছিল ঘৰত। খুৰীৰ লগতে বহি মেলি কথা বতৰা পাতি ঠিক কৰিলে যে তাই এখন তম্বু নিব সিদিনা। খুৰীয়ে হব বুলি চাহৰ যোগাৰ কৰিব পাকঘৰলে যাওঁতে খুৰা আহি ওলাল। তাই তম্বুৰ কথা কওতে খুৰাই যি যি লাগে নিবলৈ কলে। ভাৰাৰ বোলে চিন্তা কৰিব নালাগে। অলপ চিন্তা কমিল দেচোন। খুৰীৰ সতে চাহ তাহ খাই তাই ঘুৰি আহিল। বাটতে পমাৰ গছডাল পাই ছাগলীটোলৈ বুলি তাৰে দুডালমান ঠানি চিঙি আনিলে….

মন্তব্য দিয়ক